কাজিৰঙাৰ ৰঙাজানৰ পথ দুৰ্ঘটনাক লৈ কঠোৰ পৰিবহণ বিভাগ

কাজিৰঙাৰ ৰঙাজানৰ পথ দুৰ্ঘটনাক লৈ কঠোৰ পৰিবহণ বিভাগ

গোলাঘাট জিলাৰ ৬গৰাকী পৰিবহণ বিষয়াক নিলম্বন

Related Posts

গুৱাহাটী, ১৬ নৱেম্বৰঃ  কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কঠোৰ স্থিতি গ্ৰহণ কৰিছে পৰিবহণ বিভাগে। দুৰ্ঘটনাৰ পাছতে দায়িত্ব পালনত গাফিলতিৰ অভিযোগত গোলাঘাট জিলাৰ ৬গৰাকী পৰিবহণ বিষয়াক নিলম্বন কৰা হৈছে। নিলম্বিত বিষয়াকেইগৰাকীৰ ভিতৰত আছে চাৰিগৰাকী এনফ’ৰ্চমেণ্ট চেকাৰ আৰু দুগৰাকী সহকাৰী এনফ’ৰ্চমেণ্ট চেকাৰ।

কাজিৰঙাৰ ৰঙাজানৰ পথ দুৰ্ঘটনাক লৈ কঠোৰ পৰিবহণ বিভাগ
নিলম্বিত এনফ’ৰ্চমেণ্ট চেকাৰ দুগৰাকী হৈছে টুটু দত্ত আৰু সুদীপ্ত অনুৰাগ বৰা। আনহাতে, নিলম্বিত সহকাৰী এনফ’ৰ্চমেণ্ট চেকাৰ দুগৰাকী হৈছে ৰবীন গগৈ আৰু ক্ষীৰোদ নেওগ।

ৰঙাজানৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি পৰিবহণ বিভাগে গ্ৰহণ কৰা এই কঠোৰ পদক্ষেপে বিভাগটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দুৰ্ঘটনাটোৰ পাছত দায়িত্ব আৰু কৰ্তব্য পালনৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ’ব বুলি বিভাগৰ এই পদক্ষেপে স্পষ্ট বাৰ্তা প্ৰদান কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.