কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাক লৈ ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপ,

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাক লৈ ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপ,

নিলম্বন গোলাঘাটৰ DTO ৰাজীৱ পেগু

দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা

গুৱাহাটী, ১৬ নৱেম্বৰঃ কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অৱশেষত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ঘটনাৰ দায়িত্ব আৰু সংশ্লিষ্ট দিশসমূহৰ তদন্তৰ মাজতে নিলম্বন কৰা হৈছে গোলাঘাট জিলাৰ জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগুক।

Related Posts

কেৱল বিষয়াৰ নিলম্বনতে সীমাবদ্ধ নাথাকি সমগ্ৰ ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰো নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। এই তদন্তৰ বাবে অতিৰিক্ত মুখ্য সচিব কে চি চামৰিয়াৰ নেতৃত্বত এখন তদন্ত কমিটি গঠন কৰা হৈছে।

https://adtu.in/

চৰকাৰী নিৰ্দেশনা অনুসৰি, গঠন কৰা এই তদন্ত কমিটিয়ে দুসপ্তাহৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰি দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ, সংশ্লিষ্ট পক্ষৰ ভূমিকা আৰু সম্ভাব্য গাফিলতিৰ দিশসমূহ পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিব কমিটিখনে।

উল্লেখ্য যে, কাজিৰঙাৰ এই দুৰ্ঘটনাক লৈ ইতিমধ্যে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰৰ শেহতীয়া এই পদক্ষেপে ঘটনাটোক গুৰুত্বসহকাৰে গ্ৰহণ কৰাৰ ইংগিত দিছে।

এতিয়া তদন্ত কমিটিৰ প্ৰতিবেদনত কি কি তথ্য পোহৰলৈ আহে আৰু দুৰ্ঘটনাৰ বাবে কাৰোবাৰ গাফিলতি প্ৰমাণিত হয় নেকি, তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।

You might also like
Leave A Reply

Your email address will not be published.