অসমৰ ইতিহাসত প্ৰথম ১৩৩০ কিলোমিটাৰ সাঁতুৰি বিশ্ব অভিলেখ গঢ়িলে এলভিছ আলী হাজৰিকাই
গুৱাহাটী, ২৬ নৱেম্বৰঃ ৰাজ্যলৈ পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিলে অসম সন্তান তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই। প্ৰায় ১৩৩০ কিলোমিটাৰ সাঁতুৰি ৰিলে বিশ্ব অভিলেখ সফলতাৰে সম্পূৰ্ণ কৰি অসমৰ ক্ৰীড়া ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিলে হাজৰিকাই। অসমৰ প্ৰথমগৰাকী সাঁতোৰবিদ হিচাপে এই কৃতিত্ব অৰ্জন কৰিছে।

নিজৰ এই দুঃসাহসিক অভিযান অসমৰ ৰাইজৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতাৰ নামত উৎসৰ্গা কৰিছে সাঁতোৰবিদগৰাকীয়ে। অভিযানৰ অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ কয় যে এই যাত্ৰা মুঠেও সহজ নাছিল। সাগৰৰ প্ৰবল ঢৌ, শক্তিশালী সোঁত, জেলিফিছ আৰু বৃহৎ সামুদ্ৰিক জীৱৰ সন্মুখীন হোৱাৰ লগতে তীব্ৰ গৰম, অসহ্য শাৰীৰিক ক্লান্তি আৰু সাগৰীয় অসুস্থতাই অভিযানটোক অত্যন্ত প্ৰত্যাহ্বানমূলক কৰি তুলিছিল।
ইয়াৰ উপৰি পৰ্যাপ্ত টোপনি আৰু খাদ্যৰ অভাৱ, শাৰীৰিক বিষ তথা মানসিক চাপৰ মাজতো তেওঁ অভিযান অব্যাহত ৰাখিছিল। এনে বহু কঠিন মুহূৰ্ত আহিছিল, যেতিয়া আগবাঢ়ি যোৱাটো অসম্ভৱ যেন অনুভৱ হৈছিল বুলিও উল্লেখ কৰে হাজৰিকাই।
তেওঁৰ মতে, অসমৰ ৰাইজৰ মৰম, আশীৰ্বাদ আৰু উৎসাহেই আছিল এই দীঘলীয়া যাত্ৰাৰ আটাইতকৈ ডাঙৰ শক্তি। এই অভিযান কেৱল ১৩৩০ কিলোমিটাৰ সাঁতোৰা বা বিশ্ব অভিলেখ গঢ়াৰ যাত্ৰা নহয়; বৰঞ্চ সাহস, দৃঢ়তা আৰু ত্যাগৰ জৰিয়তে অসম তথা ভাৰতৰ নাম বিশ্ব দৰবাৰত উজলাই তোলাৰ এক প্ৰয়াস।
শাৰীৰিকভাৱে ভাগৰি পৰিলেও মনোবল এতিয়াও অটুট থকা বুলি উল্লেখ কৰি নিজৰ এই অভিযানৰ নাম দিছে ‘মিছন অপৰাজয়’। এলভিছ আলী হাজৰিকাৰ এই সাফল্যই ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীসকলৰ মাজত আনন্দ আৰু গৌৰৱৰ সঞ্চাৰ কৰিছে।