The victim was identified as Shivchand Hatibarua, the hero of the syndicate:জামিন বিচাৰি আদালতৰ দ্বাৰস্থ ছিণ্ডিকেটৰ নায়ক শিৱচান্দ হাতীবৰুৱা

যোৰহাট, ২৮ নৱেম্বৰঃ ছিণ্ডিকেটৰ অভিযোগত চৰ্চাত থকা শিৱচান্দ হাতীবৰুৱাক লাগে জামিন। আৰক্ষীৰ গ্ৰেপ্তাৰৰ আশংকাত অৱশেষত আদালতৰ দ্বাৰস্থ হ’ল শিৱচান্দ হাতীবৰুৱা। যোৰহাটৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত জামিন বিচাৰি আবেদন দাখিল কৰিছে শিৱচান্দে। জামিন বিচাৰি আদালতৰ দ্বাৰস্থ ছিণ্ডিকেটৰ নায়ক শিৱচান্দ হাতীবৰুৱা। আদলতৰ দ্বাৰস্থ শিৱচান্দ হাতীবৰুৱা। জানিব পৰা মতে, ২৫ নৱেম্বৰত দাখিল কৰা হৈছে জামিন আবেদন। আবেদন নম্বৰ ৮৮২/২০২৬। টীয়ক থানাত ৰুজু হোৱা ১৪৬/২০২৬ নম্বৰৰ গোচৰৰ ভিত্তিত এই জামিন আবেদন দাখিল কৰা হৈছে। অহা ১ ডিচেম্বৰত জামিন আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। আনহাতে, আদালতে ইতিমধ্যে গোচৰটোৰ কেছ ডায়েৰী তলব কৰিছে।

উল্লেখ্য যে, টীয়ক আৰক্ষীয়ে শিৱচান্দৰ চাৰি সহযোগীক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীৰ তদন্তৰ জাল ক্ৰমাৎ বিস্তৃত হৈছে। ইফালে শিৱচান্দক বিচাৰি যোৰহাটৰ লগতে গুৱাহাটীতো অভিযান চলাইছে আৰক্ষীয়ে। কিন্তু এতিয়াও আৰক্ষীৰ জালত পৰা নাই শিৱচান্দ। অভিযানৰ মাজতে পলাতক অৱস্থাত থকা শিৱচান্দে এতিয়া আগতীয়াকৈ জামিন বিচাৰি আদালতৰ কাষ চাপিছে।

Related Posts

আৰক্ষীৰ অভিযান, সহযোগীৰ গ্ৰেপ্তাৰ আৰু আদালতত জামিন আবেদন—শিৱচান্দক লৈ এতিয়া তীব্ৰ চৰ্চা। আৰক্ষীৰ হাতত কেতিয়া পৰিব শিৱচান্দ? নে আদালতৰ পৰা লাভ কৰিব সকাহ? এতিয়া সকলোৰে দৃষ্টি ১ ডিচেম্বৰৰ শুনানিলৈ।

ছিণ্ডিকেটৰ অভিযোগত অভিযুক্ত শিৱচান্দৰ জামিন যুঁজে এতিয়া কোন দিশ লয়, সেয়াই হ’ব লক্ষণীয়।

You might also like
Leave A Reply

Your email address will not be published.