স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মোডীৰ টুইট

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৪ আগষ্টৰ দিনটো ‘বিভাজন ভয়াৱহতা স্মৰণ দিৱস’ হিচাপে পালন কৰা হ’ব বুলি ঘোষণা কৰিছে। নিজৰ টুইটাৰ যোগে প্ৰধানমন্ত্ৰীয়ে দেশ বিভাজনৰ বেদনা কেতিয়াও পাহৰিব নোৱাৰি বুলি উল্লেখ কৰে। তেওঁ টুইট কৰি কয় যে আমাৰ লাখ লাখ ভাতৃ-ভগ্নী দেশ বিভাজনৰ পৰত স্থানচ্যুত হৈছিল আৰু বহুতে অবিবেচক ঘৃণা আৰু হিংসাৰ বাবে প্ৰাণ হেৰুৱাইছিল। তেওঁলোকৰ সংগ্ৰাম আৰু ত্যাগৰ স্মৃতিত ১৪ আগষ্টক বিভাজন ভয়াৱহতা স্মৰণ দিৱস হিচাপে পালন কৰা হ’ব। প্ৰধানমন্ত্ৰী মোডীয়ে বিভাজন ভয়াৱহতা স্মৰণ দিৱসে দেশবাসীক সামাজিক বিভাজন, বিভেদ দূৰ কৰাৰ প্ৰয়োজনীয়তা আৰু একতা, সামাজিক সম্প্ৰীতি আৰু মানৱ সৱলীকৰণৰ ভাৱনা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথা সোঁৱৰাই দি থাকিব বুলিও মত ব্যক্ত কৰে ।

দেশৰ ৭৫ সংখ্যক স্বাধীনত দিৱসৰ আগমূহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই টুইটে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.