আজি ১৬ আগষ্ট

➡️ ১৮৮৬ চনৰ আজিৰ দিনটোতে ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু হৈছিল ।

➡️ ১৯১০ চনৰ ১৬ আগষ্টত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসিদ্ধ কাব্য ‘গীতাঞ্জলি’ৰ প্ৰথম প্ৰকাশ হৈছিল । মূলতঃ এইখন গ্ৰন্থৰ ইংৰাজী অনুবাদৰ (Song Offerings) বাবে ১৯১৩ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ ন’বেল বঁটা।

➡️১৯৪৬ চনৰ ১৬ আগষ্টত কলকাতাৰ সাম্প্ৰদায়িক সংঘৰ্ষত কবি অমূল্য বৰুৱাৰ মৃত্যু হৈছিল ।

➡️ ১৯৬২ চনৰ ১৬ আগষ্টত পণ্ডিচেৰী, কৰাইকল,মাহে আৰু ইয়ানমক লৈ সংযুক্ত পণ্ডিচেৰী কেন্দ্ৰীয়শাসিত অঞ্চল গঠিত হৈছিল ।

➡️ ১৯৬৮ চনৰ ১৬ আগষ্টৰ পৰা মেক্সিকোত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল । এই সমাৰোহ ১০ ছেপ্টম্বৰত সামৰণি পৰিছিল ।

➡️ উগাণ্ডাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, একনায়ক ইদি অমিনৰ মৃত্যু হৈছিল ২০০৩ চনৰ ১৬ আগষ্টত।

➡️ ১৮৬৭ চনৰ ১৬ আগষ্টত কাৰ্ল মাৰ্ক্সৰ ‘ডাছ কেপিটেল’ৰ প্ৰথম খণ্ড প্ৰকাশ হৈছিল।

➡️ পঞ্জাৱৰ বিশিষ্ট বিপ্লৱী মদনলাল ভিংৰাৰ ফাঁচি হৈছিল ১৯০৯ চনৰ ১৬ আগষ্টত।

➡️ ১৯৪৬ চনৰ আজিৰ দিনটোতে মুছলিম লীগৰ ‘ডাইৰেক্ট এক্সন ডে’ পালন কৰা হৈছিল। ক্ৰমে ই কলকাতাসহ ভাৰতৰ বিভিন্ন ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ লৈছিল। চৰকাৰী তথ্য মতে এই সংঘৰ্ষত প্ৰায় ৫,০০০ লোক নিহত আৰু ১৫,০০০ লোক আহত হৈছিল।

➡️ ১৯৬০ চনৰ ১৬ আগষ্টত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ শাসনমুক্ত হৈ চাইপ্ৰাছে স্বাধীন ৰাষ্ট্ৰ ৰূপে আত্মপ্ৰকাশ কৰিছিল।

➡️ ১৮৪৫ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী গেব্ৰিয়েল লিপমানৰ জন্ম হৈছিল । ১৯০৮ চনত তেওঁ পদাৰ্থবিদ্যাৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৯৪৫ চনৰ ১৬ আগষ্টত ভাৰতীয় ৰাজনীতিবিদ তথা অৰ্থনীতিবিদ পি চিদাম্বৰমৰ জন্ম হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.