আজি ১৭ আগষ্ট

➡️ ১৭৬১ চনৰ ১৭ আগষ্টত ভাৰতত বসবাস কৰা ইংৰাজ ধৰ্মযাজক উইলিয়াম কেৰীৰ জন্ম হৈছিল।

➡️১৭৮৬ চনৰ আজিৰ দিনটোতে প্ৰুছিয়াৰ ৰজা দ্বিতীয় ফ্ৰেডৰিক বা ফ্ৰেডৰিক দি গ্ৰেটৰ মৃত্যু হৈছিল।

➡️ ১৯৪৭ চনৰ ১৭ আগষ্টত ভাৰত স্বাধীন হোৱাৰ পিছত ব্ৰিটিছ সেনাৰ প্ৰথমটো বেটেলিয়নৰ স্বদেশ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল ।

➡ আফ্ৰিকাৰ দেশ গেৱনে স্বাধীনতা লাভ কৰিছিল ১৯৬০ চনৰ আজৰ দিনটোতে।

➡️১৯৮৮ চনৰ ১৭ আগষ্টত বিমান দুৰ্ঘটনাত পাকিস্তানৰ ৰাষ্ট্ৰপতি জিয়াউল হকৰ মৃত্যু হৈছিল ।

➡️ তুৰস্কত প্ৰচণ্ড ভূমিকম্প ফলত ১২,০০০ লোক নিহত হোৱাৰ লগতে ছয় লাখ লোক গৃহহীন হৈছিল ১৯৯৯ চনৰ ১৭ আগষ্টত।

➡️২০০১ চনৰ ১৭ আগষ্টত অসমৰ ঠায়ে ঠায়ে বুট-মগু খাই সহস্ৰাধিক লোক আক্ৰান্ত হৈছিল । লগে লগে ৰাজ্যত বুট-মগুৰ বিক্ৰী বন্ধ কৰি দিয়া হৈছিল।

➡️১৯৩২ চনৰ আজিৰ দিনটোতে ন’বেল জয়ী সাহিত্যিক বিদিয়াধৰ সূৰযপ্ৰসাদ নাইপলৰ জন্ম হৈছিল ।

➡️২০০১ চনৰ ১৭ আগষ্টত ১৬ বছৰ বিৰতিৰ মুৰত ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত শ্ৰীলংকা বিজয়ী হৈছিল ।

➡️ গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী প্ৰমোদ মহাজনে এক সামূহিক তথ্য কেন্দ্ৰ স্থাপন কৰিছিল ২০০২ চনৰ আজিৰ দিনটোতে।

➡️২০০৩ চনৰ ১৭ আগষ্টত পাকিস্তানী ছবি ‘খামোচ পানী’ত কৰা অভিনয়ৰ বাবে কিৰণ খেৰক লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান প্ৰদান কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.