চিলনীজানত ড্ৰাগছ সহ যুৱকক আটক

ব্যুৰ’ ৰিপৰ্ট, এন ই ভাৰত

বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলনীজানত আজি আৰক্ষীয়ে এক অভিযান চলাই নিষিদ্ধ হেৰ’ইনসহ এজন যুৱকক আটক কৰে। প্ৰাপ্ত খবৰ অনুসৰি বোকাজান আৰক্ষী থানাৰ ভৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণি চমুৱা আৰু বৰপথাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিক্তিত চিলনীজানত অভিযান চলাই ১১ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে ওম প্ৰকাশ শৰ্মা নামৰ এজন ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত যুৱকক আটক কৰিবলৈ সক্ষম হয়।।

You might also like
Leave A Reply

Your email address will not be published.