লাহৰিজানত ২ কোটিৰ ড্ৰাগছ সহ আটক ২

লাহৰিজানত অসম আৰক্ষীৰ আন এক বৃহৎ সাফল্য।আজি দিনৰ ১২:৩০ বজাত আৰক্ষীৰ নাকা চেকিঙত প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ সহ ২ সৰবৰাহকাৰীক আটক। পুৰনি লাহৰিজান আৰক্ষী চকীৰ সমুখতে AS09-C-6054 নম্বৰৰ যাত্ৰীবাহী বাছখনৰ ১৭ আৰু ১৮ নং আসনৰ মাজত লুকুৱাই অনা অবস্থাত দুটা পলিথিনৰ পেকেটত উদ্ধাৰ হয় ১ কেজি ওজনৰ সন্দেহযুক্ত মৰফিন। প্ৰায় ২ কোটি টকা আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্যৰ হ’ব বুলি ধাৰনা কৰা ড্ৰাগছৰ পেকেট দুটাৰ সৈতে আৰক্ষীয়ে বিহাৰৰ সঞ্জীত কুমাৰ আৰু ডিমাপুৰৰ আনন্দ ৰায় নামৰ ২ সৰবৰাহকাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.