আজি ২৪ আগষ্ট

➡️ ১৬৯০ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পূব ভাৰতৰ বাণিজ্যিক অধিকৰ্তা জব চীৰ্নকৰ কলকাতাত পদাৰ্পণ আৰু বসতি স্থাপন কৰিছিল। এই দিনটোক কলকাতা চহৰৰ প্ৰতিষ্ঠা দিৱস ৰূপে গণ্য কৰা হয়।

➡️ ১৮১৯ চনৰ ২৪ আগষ্টত আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল ।

➡️ জীৱবিজ্ঞানী আলবেয়াৰ ক্লডৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৪ আগষ্টত। ১৯৭৪ চনত তেওঁ চিকিৎসা-বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৯২৫ চনৰ ২৪ আগষ্টত স্বাধীনতা সংগ্ৰামী আৰ জি বন্দৰকৰৰ মৃত্যু হৈছিল ।

➡️ ১৯৬৯ চনৰ আজিৰ দিনটোতে বৰাহগিৰি ভেংকটগিৰি ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল। ১৯৭৪ চনৰ ২৪ আগষ্টলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

➡️ ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল ১৯৭৪ চনৰ ২৪ আগষ্টত। ১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰীলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।

➡️ মাৰ্কিন মহাকাশযান ভয়েজাৰে নেপচুন অতিক্ৰম কৰিছিল ১৯৮৯ চনৰ আজিৰ দিনটোতে।

➡️ ২০০০ চনৰ ২৪ আগষ্টত সংগীতজ্ঞ কল্যাণজী বীৰশ্বাহৰ (কল্যানজী-আনন্দজী খ্যাত) মৃত্যু হৈছিল।

➡️ ২০০২ চনৰ আজিৰ দিনটোতে ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ধুমুহাত তিনি শতাধিকৰ ঘৰ বিধ্বস্ত হৈছিল।

➡️ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পত্নী তথা সমাজসেৱিকা সুৰবালা বৰদলৈৰ মৃত্যু হৈছিল ২০০৪ চনৰ ২৪ আগষ্টত।।

You might also like
Leave A Reply

Your email address will not be published.