ডিগবৈ প্ৰেছ ক্লাৱৰ মহানুভৱতা

ব্যুৰ’ ৰিপৰ্ট-

বিগত প্ৰায় চাৰি মাহে অঘৰী লোকক খাদ্য যোগান ধৰি এক মহান আদৰ্শ দেখুৱালে ডিগবৈ প্ৰেছ ক্লাবে।দেশত কভিড পৰিস্থিতিয়ে সাধাৰণ জনসাধাৰণৰ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই অনাৰ সময়তেই ঐতিহাসিক ডিগবৈ প্ৰেছ ক্লাবে ডিগবৈ নগৰৰ অঘৰী লোক সকলক নিশাৰ ভাগৰ খাদ্য যোগান ধৰি মহানুভৱতা প্ৰদৰ্শন কৰি আহিছে। এক দীঘলীয়া সময় আন্তৰিকতাৰে এই অসহায় লোক সকলক নিজেই তৈয়াৰ কৰি পুষ্টিকৰ সুখাদ্য যোগান ধৰি নিদৰ্শন ৰচনা কৰা ডিগবৈ প্ৰেছ ক্লাবৰ এনে পদক্ষেপক আদৰ্শ ৰূপে গ্ৰহণ কৰিবলৈ আহ্বান জনালে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে। আজি ডিগবৈ প্ৰেছ ক্লাবত আয়োজন কৰা এক বিশেষ অনুষ্ঠানত উপস্থিত থাকি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এনে মহান কাৰ্যৰ শলাগ লয়।উল্লেখযোগ্য যে ডিগবৈ প্ৰেছ ক্লাবে চৰকাৰে মিনি লকডাউন ঘোষণা কৰা দিন ধৰি ক’ভিড যুদ্ধ খনত সেনানী ৰূপে জপিয়াই পৰি বিগত ১১১ দিনে ডিগবৈ নগৰাঞ্চলৰ অঘৰী লোক সকলক নিশাৰ ভাগত খাদ্য যোগান ধৰি আহিছে।ডিগবৈ প্ৰেছ ক্লাৱৰ এই মহানুভৱী কাৰ্যসূচীত দেহেকেহে সহযোগ কৰা ১৪ গৰাকী যুৱকক আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।।

You might also like
Leave A Reply

Your email address will not be published.