নুনমাটিত জনতা নগৰ নামঘৰৰ প্ৰতিস্থা দিৱস

মহানগৰ সেৱা-

ক’ভিড প্ৰট’কলত কিছু শিথিলতা অহাৰ পিছতে চৰকাৰৰ নিৰ্দেশত ইতিমধ্যে ধৰ্মীয় অনুষ্ঠান সমূহ খোল খোৱা আৰম্ভ হৈছে।ক’ভিড বিধি মানি ৰাজ্যৰ নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা আদি ধৰ্মীয় অনুষ্ঠান সমূহত ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি পৰিলক্ষিত হৈছে। পবিত্ৰ ভাদ মাহ উপলক্ষে ৰাজ্যৰ চৌদিশে হৰিনামৰ ধ্বনিৰে মুখৰিত হোৱাৰ সময়তে আজি মহানগৰীৰ নুনমাটিৰ জনতা নগৰ ৰাজহুৱা নামঘৰৰ ৪৪তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।এই উপলক্ষে আজি পুৱাৰ ভাগত ঊষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন আৰু ভাগৱত পাঠ কৰা হয়। পুৱা নামঘৰৰ তোৰন উদ্বোধন কৰে দিছ্পুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা অসম মীন উন্নয়ন নিগম লিমিটেডৰ প্ৰকল্প সঞ্চালক পদ্ম কান্ত হাজৰিকাই নামঘৰৰ স্মৃতি গ্ৰন্থ ‘দাপোন’উন্মোচন কৰে।নামঘৰৰ তোৰন আৰু স্মৃতি গ্ৰন্থ উন্মোচন কাৰ্যসূচীত কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।।

You might also like
Leave A Reply

Your email address will not be published.