নিউজ ডেস্ক-
ৰাজ্যত উন্নত হৈছে ক’ভিড পৰিস্থিতি। বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ২৯৩ গৰাকী লোক। মৃত্যু ৪ আক্ৰান্তৰ। মু্ঠ আক্ৰান্তৰ ৭৪ গৰাকী কামৰূপ মহানগৰ জিলাৰ। বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ০.৭৪ । বৰ্তমান ৰাজ্যত সুস্থতাৰ হাৰ ৯৪.৮৪ শতাংশ।
আনহাতে দেশত পুনৰ বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ৪৫,০৮৩ গৰাকী। মৃত্যু হৈছে ৪৬০ গৰাকী ৰোগীৰ।।