আজি ২ ছেপ্টেম্বৰ

➡️ ১৫৭৩ চনৰ ২ ছেপ্তেম্বৰত মোগল সম্ৰাট আকবৰে গুজৰাট দখল কৰিছিল।

➡️ ১৬৭৫ চনৰ আজিৰ দিনটোতে খ্যাতনামা ইংৰাজ লেখক উইলিয়াম ছামাৰভিলৰ জন্ম হৈছিল।

➡️ হো-চি-মিনৰ দ্বাৰা ভিয়েটনামৰ স্বাধীন ঘোষণা-পত্ৰ প্ৰকাশ কৰা হৈছিল ১৯৪৫ চনৰ ২ ছেপ্তেম্বৰত।

➡️ ১৯৪৫ চনৰ আজিৰ দিনটোতে জাপানৰ শান্তিৰ প্ৰস্তাৱ আৰু বিনাচৰ্তে আত্মসমৰ্পণ পত্ৰত স্বাক্ষৰ দান কৰা হৈছিল । ইয়াৰ পিছতেই দ্বিতীয় মহাসমৰৰ সামৰণি পৰিছিল।

➡️ ১৯৪৬ চনৰ ২ ছেপ্তেম্বৰত ব্ৰিটিছ চৰকাৰৰ পৰা ক্ষমতা হস্তান্তৰৰ প্ৰস্তুতি পৰ্বৰ অংশৰূপে জৱাহৰলাল নেহৰুৰ নেতৃত্বত ভাৰতৰ অন্তৱৰ্তীকালীন জাতীয় চৰকাৰ প্ৰতিষ্ঠা কৰা হৈছিল । এই চৰকাৰৰ মন্ত্ৰী পৰিষদত আছিল লিয়াকত আলী খাঁ, ৰাজেন্দ্ৰ প্ৰসাদ, বাবু জগজীৱন ৰাম প্ৰমুখ্যে জাতীয় কংগ্ৰেছৰ নেতৃবৃন্দ।

➡️ ১৯৭০ চনৰ ২ ছেপ্তেম্বৰত কন্যাকুমাৰীত ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ দ্বাৰা প্ৰসিদ্ধ বিবেকানন্দ স্মৃতি স্তম্ভৰ উদঘাটন কৰা হৈছিল।

➡️ ১৯৭৬ চনৰ আজিৰ দিনটোতে জ্ঞানপীঠ বঁটা বিজয়ী মাৰাঠী সাহিত্যিক ভি এছ খাণ্ডেকৰৰ মৃত্যু হৈছিল ।

➡️ পৃথিৱীৰ দ্ৰুতবেগী ৰে’লসেৱা টিজিভিৰ (TGV) প্ৰচলন আৰম্ভ হৈছিল ১৯৮১ চনৰ ২ ছেপ্তেম্বৰত।

➡️ ২০০৩ চনৰ আজিৰ দিনটোতে চীনৰ দক্ষিণ-পশ্চিম প্ৰান্তত প্ৰবল ভূমিকম্প সংঘটিত হৈছিল। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৯। এই ভূমিকম্পত বিস্তৰ ক্ষয়-ক্ষতি হৈছিল ।

➡️ ২০০৪ চনৰ আজিৰ দিনটোতে বিশিষ্ট নাট্যকাৰ ভবেন বৰুৱাৰ ৬১ বছৰ বয়সত মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.