কি আছে কাৰ্বি শান্তি চুক্তিত?

আজি নতুন দিল্লীত কাৰ্বি আংলঙৰ ৬ বিদ্ৰোহী সংগঠন আৰু কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ মাজত শান্তি চুক্তি সম্পন্ন হয়। এই শান্তি চুক্তি মতে কাৰ্বি আংলঙে ১০০০ কোটিৰ অৰ্থনৈতিক পেকেজ লাভ কৰিব। ইয়াৰে ৫০০ কোটি ৰাজ্য চৰকাৰে ,৫০০ কোটি কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব। কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ আসন ৫০ খনলৈ বৃদ্ধি পাব ।ইয়াৰে ৩৪ খন এচ টিৰ বাবে সংৰক্ষিত থকাৰ লগতে ১০ খন মুক্ত থাকিব আৰু ৬ খনৰ বাবে ৰাজ্যপালে সদস্য মনোনীত কৰিব। কাৰ্বি আংলঙত চুগাৰ মিলৰ বাবে কেন্দ্ৰই ধনৰ যোগান ধৰিব।জাগীৰোডৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰলৈ ৰেল লাইন সম্প্ৰসাৰণ কৰা হব।এখন পশু চিকিৎসা মহাবিদ্যালয় আৰু বন প্ৰশিক্ষণ কেন্দ্ৰ কাৰ্বি আংলঙত স্থাপন হব । অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদ পূৰ্ণ পয্যায়ৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হব।।

You might also like
Leave A Reply

Your email address will not be published.