বোকাজানত পুৱাই ৮ কোটি টকাৰ ড্ৰাগছ জব্দ

ব্যুৰ’ ৰিপৰ্ট-

বোকাজানৰ খটখটীত পুনৰ বিপুল পৰিমানৰ ড্ৰাগছ সহ সৰবৰাহকাৰীক আটক। আজি পুৱা প্ৰায় ৬:৩০ বজাত খটখটী থানাৰ অন্তৰ্গত বালিজান ফৰেষ্ট গেট তিনিআলিত বোকাজানৰ SDPO জন দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে বিশেষ সূত্ৰৰ পম খেদি এখন অটোৰিক্সাৰ পৰা ৭৮ টা চাবোনৰ বাকচত অনা প্ৰায় ১ কেজি ওজনৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে NL07-FA-2482 নম্বৰৰ অটোখন জব্দ কৰাৰ লগতে সৰবৰাহকাৰী অটোচালক মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তাঁতি কটা পথাৰৰ ৰুস্তম আলিৰ পুত্ৰ সূৰুয আলি (৪০)ক আটক কৰিছে। আৰক্ষী সূত্ৰই জনোৱা মতে জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৮ কোটি টকা।।

You might also like
Leave A Reply

Your email address will not be published.