বিশিষ্ট পৰিচালক, গীতিকাৰ বিপুল কুমাৰ বৰুৱাৰ মৃত্যু

বিশিষ্ট নাট্যকাৰ, চিত্ৰ পৰিচালক, গীতিকাৰ বিপুল কুমাৰ বৰুৱাৰ দেহাৱসান। সোমবাৰে গুৱাহাটীৰ হাতীগড় চাৰিআলিৰ নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই।
১৯৪৮ চনত যোৰহাটত জন্মগ্ৰহণ কৰা বিপুল কুমাৰ বৰুৱাই যোৰহাটৰ জেবি কলেজৰ পৰা শিক্ষা জীৱন সমাপ্ত কৰিয়েই একাত্ম ভাবে জড়িত হৈ পৰিছিল সাংস্কৃতিক ক্ষেত্ৰখনত।
গুৱাহাটী দূৰদৰ্শনত সম্প্ৰচাৰিত ‘অমৃত সন্ধান’, ‘সূৰ্য্যস্নান’ আদি কেইবাখনো ধাৰাবাহিক পৰিচালনা কৰাৰ উপৰিও একাধিক ধাৰাবাহিকৰ কাৰিকৰী নিৰ্দেশনক আছিল প্ৰয়াত বৰুৱা।
প্ৰয়াত জয়ন্ত হাজৰিকাই সংগীত পৰিচালনা কৰা কথাছবি ‘ধৰ্মকাই’ৰ ‘এক দুই তিনি’ শীৰ্ষক জনপ্ৰিয় গীতটিৰ গীতিকাৰ আছিল বৰুৱা। প্ৰয়াত বিপুল কুমাৰ বৰুৱাই পৰিচালনা কৰিছিল ‘তুমিয়ে মোৰ কল্পনা’ নামৰ জনপ্ৰজনপ্ৰিয়নো।
তদুপৰি বহু ধাৰাবাহিকৰ চিত্ৰনাট্য ৰচনা কৰা প্ৰয়াত বৰুৱাই অনাতাঁৰ কেন্দ্ৰৰ বাবেও একাধিক নাটক ৰচনা কৰিছিল। বৰুৱাৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ সাংস্কৃতিক মহল।

You might also like
Leave A Reply

Your email address will not be published.