১৮৫০ চনৰ আজিৰ দিনটোতে আধুনিক হিন্দী সাহিত্যৰ জনক ৰূপে অভিহিত ভৰতেন্দু হৰিশ্চন্দ্ৰৰ জন্ম হৈছিল ।
১৯২৩ চনৰ ৯ ছেপ্টেম্বৰত অসমত ভূমিকম্প হৈছিল ।
উত্তৰ কোৰিয়াত গণ প্ৰজাতন্ত্ৰ গঠন হৈছিল ১৯৪৮ চনৰ ৯ ছেপ্টেম্বৰত।
১৯৪৯ চনৰ আজিৰ দিনটোতে হিন্দীক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষাৰূপে ঘোষণা কৰা হৈছিল ।
১৯৭৬ চনৰ ৯ ছেপ্টেম্বৰত গণতান্ত্ৰিক চীনৰ প্ৰসিদ্ধ নেতা মাও- ছে-তুঙৰ মৃত্যু হৈছিল ।
১৯৭৯ চনৰ আজিৰ দিনটোতে যোগেন্দ্ৰ নাথ হাজৰিকা অসমৰ মুখ্যমন্ত্ৰী হৈছিল। এই বছৰৰে ১১ নৱেম্বৰলৈকে তেওঁ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।
কাশ্মীৰৰ বিশিষ্ঠ জাতীয়তাবাদী নেতা তথা প্ৰাক্তন মুখ্য মন্ত্ৰী শ্বেখ আব্দুলাৰ মৃত্যু হৈছিল ১৯৮২ চনৰ ৯ ছেপ্টেম্বৰত।
১৯৯১ চনৰ আজিৰ দিনটোতে লিয়েণ্ডাৰ পেজ জুনিয়ৰ ইউ এছ অ’পেনত চেম্পিয়ন হৈছিল।
১৯৯৯ চনৰ ৯ ছেপ্টেম্বৰত সাহিত্যিক যোগেশ দাসৰ মৃত্যু হৈছিল ।
২০০১ চনৰ আজিৰ দিনটোতে চীনৰ বেইজিঙত মন্দিৰ এটা ভাগি ১৩ জন লোকৰ মৃত্যু হৈছিল।
বিশিষ্ঠ নাট্যকাৰ মুনীন ভূঞাৰ মৃত্যু হৈছিল ২০০৪ চনৰ ৯ ছেপ্টেম্বৰত।
১০৮৭ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ সম্ৰাট উইলিয়াম দি কনকুৱেৰৰ মৃত্যু হৈছিল।
সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ জন্ম হৈছিল ১৯০৩ চনৰ ৯ ছেপ্টেম্বৰত।
১৮২৮ চনৰ আজিৰ দিনটোতে ৰুছ কথা-সাহিত্যিক লিঅ’ টলষ্টয়ৰ জন্ম হৈছিল।।