লুইতৰ বুকুত দেৱদূত স্বৰূপ এইসকলক চেলুট!

মানুহৰ মৰনকাতৰ চিঞৰ শুনি এক মূহুৰ্তও নভবাকৈ লুইতৰ বুকুত জাপ দিছিল মাজুলীৰ একাংশ মানৱ দৰদী লোকে।নিমাতীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পাছতে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ভৰা লুইতৰ বুকুত জপিয়াই ৮৭ গৰাকীকৈ লোকৰ জীৱন ৰক্ষাত অন্যতম ভূমিকা লোৱা এইসকল স্থানীয় লোক এতিয়া সৰ্বসাধাৰণৰ বাবে হৈ পৰিছে দেৱদূত স্বৰূপ। ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰবক্তা পৰিমিতা দাসৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰি যন্ত্ৰনা দগ্ধ এইসকল লোক।একেদৰেই এই পৰ্যন্ত সন্ধানহীন দুই ব্যক্তিক লৈও সমগ্ৰ ৰাজ্যবাসীৰ দৰেই উদ্বিগ্ন তেওঁলোক।আজি বিপদৰ যথাৰ্থ বন্ধু এই প্ৰায় ৩৬ জন লোকক মাজুলীলৈ গৈ গামোচা পিন্ধাই কৃতজ্ঞতাত মূৰ দোঁৱালে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।।

You might also like
Leave A Reply

Your email address will not be published.