লকডাউনত ঘৰৰ পৰা কাম কৰা স্বামীৰ কৰ্মকাণ্ডত অতিস্থ পত্নী। উপায়হীন হৈ পতিৰ কৰ্মস্থলীৰ মালিকলৈ লিখিলে চিঠি। স্বামীৰ কৰ্মকাণ্ডত অতিস্থ হৈ এগৰাকী মহিলাই ব্যৱসায়ী হৰ্ষ গোৱেংকালৈ লিখিলে চিঠি। মহিলাগৰাকীয়ে লকডাউনত অনবৰতে ঘৰত থকা পতিৰ বিৰক্তিকৰ আচৰণৰ কথা উল্লেখ কৰি চিঠিখনত লিখে –
” মহাশয়, মই আপোনাৰ কৰ্মচাৰী মনোজৰ পত্নী। মই বিনম্ৰতাৰে আপোনাক অনুৰোধ জনাও যে আপুনি যাতে তেওঁক এতিয়া কাৰ্যালয়ৰ পৰাই কাম কৰাৰ অনুমতি দিয়ে। ইতিমধ্যে তেওঁ দুয়োপালী ভেকচিন লৈছে আৰু তেওঁ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি চলিব। যদিহে তেওঁ আৰু কিছুদিন এনেদৰে ঘৰৰ পৰা কাম কৰি থাকে তেতিয়া হ’লে আমাৰ বিবাহ বিচ্ছেদ হোৱাটো প্ৰায় নিশ্চিত। কিয়নো তেওঁ দিনটোত ১০ কাপ কফি সেৱন কৰে, কাম কৰি থকাৰ সময়ত এটা কোঠাৰ পৰা আনটো কোঠালৈ অহা যোৱা কৰি ঘৰটোৰ আটাইকেইটা কোঠা বিশৃংখল কৰে। মাত্ৰ এইয়াই নহয় তেওঁ সঘনে খাদ্য বিচৰাৰ ওপৰিও কামৰ সময়ত ফোন লাইনত থকাৰ সময়তো তেওঁক মই টোপনি যোৱা দেখা পাঁও। মোৰ দুটাকৈ সন্তান আছে, সিহঁতক চোৱা-চিতা কৰিব লাগে। সেয়েহে এই সমগ্ৰ বিষয় সন্দৰ্ভত আপোনাৰ সহযোগিতা কামনা কৰিছো।”
মহিলা গৰাকীৰ চিঠিখন লাভ কৰাৰ পিছত প্ৰসিদ্ধ ব্যৱসায়ী জনে নিজৰ টুইটাৰযোগে “তেওঁক কি বুলি সহাৰি জনাওঁ একো ভাবি পোৱা নাই” বুলি শ্বেয়াৰ কৰে। ব্যৱসায়ী হৰ্ষ গোৱেংকালৈ কৰ্মচাৰীৰ পত্নীয়ে প্ৰেৰণ কৰা এই চিঠিখনে বৰ্তমান ছ’চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Illustration silhouette of angry wife holding rolling pin and puzzled confused husband with open hands making helpless gesture. Isolated white background. EPS file available.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like