পূজাৰ বাবে বিশেষ SOPত কি কি নিয়ম?

সমাগত পূজাৰ বাবে বিশেষ SOP ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

????পূজা কমিতিয়ে জিলা উপায়ুক্তৰ অনুমতি ল’ব লাগিব।
????কমিটিৰ সকলো বিষয়ববীয়া, সদস্যই উপায়ুক্তক পূজাৰ অনুমতি বিছাৰি কৰা আবেদনৰ সৈতে দুয়োপালি ভেকচিন গ্ৰহণৰ প্ৰমাণ পত্ৰ গাঁঠি দিব লাগিব।
????পূজাৰী, দৰ্শনাৰ্থীয়ে ক’ভিড ভেকচিন গ্ৰহণ কৰা বাধ্যতামূলক।
????ক’ভিড প্ৰট’কলৰ মাজেৰে অনুষ্টুপীয়াকৈ পূজাৰ মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হ’ব।
????পূজা মণ্ডপ আহল-বহল আৰু মুকলি স্থানত হ’ব লাগিব।
????মণ্ডপৰ প্ৰৱেশ- প্ৰস্থান পৃথক হ’ব লাগিব।
????প্ৰৱেশ পথত চেনিটাইজাৰ, মাস্ক ৰাখিব লাগিব।
????দূৰ্গা পূজাৰ পঞ্চমী আৰু সমাপ্তিৰ দিনা পূজাৰী আৰু আয়োজকে স্বাস্থ্য পৰীক্ষা কৰিব লাগিব।
????মণ্ডপত ভিৰ হ’ব নোৱাৰিব।
????পূজাৰ আগত আৰু পাছত পূজা মণ্ডপ চেনিটাইজ কৰিব লাগিব।
????পূজাত মেলা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ অনুমতি দিয়া ন’হব।
????বিসৰ্জনৰ সময়ত ক’ভিড প্ৰট’কল মানি চলিব লাগিব।।

You might also like
Leave A Reply

Your email address will not be published.