আজি ১৬ ছেপ্টেম্বৰ

➡️ ১৭৩৬ চনৰ আজিৰ দিনটোতে জাৰ্মান পদাৰ্থ-বিজ্ঞানী গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইটৰ মৃত্যু হৈছিল ।

➡️১৮২১ চনৰ ১৬ ছেপ্টেম্বৰত মেক্সিকোয়ে স্বাধীনতা লাভ কৰিছিল।

➡️ ১৯৩২ চনৰ ১৬ ছেপ্টেম্বৰত মেলেৰিয়াৰ ৰোগ-বীজাণুৰ আৱিষ্কাৰক ভাৰতজাত ন’বেল জয়ী চিকিৎসা-বিজ্ঞানী ৰোনাল্ড ৰছৰ মৃত্যু হৈছিল।

➡️ আমেৰিকাত ২১-৩৫ বছৰীয়া বয়স্ক পুৰুষসকলক সৈন্য বাহিনীত যোগদান বাধ্যতামূলক কৰা হৈছিল ১৯৪০ চনৰ ১৬ ছেপ্টেম্বৰত।

➡️ ১৯৫৩ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথমখন চিনেমা স্কোপ ছবি ‘দা ৰোব’ আমেৰিকাৰ ৰক্সি থিয়েটাৰত প্ৰদৰ্শিত হৈছিল ।

➡️ ১৯৮৪ চনৰ ১৬ ছেপ্টেম্বৰত এন টি ৰামাৰাও পুনৰ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। মন্ত্ৰীসভাৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ অৰ্থে তেওঁৰ দল তেলুগু দেশমৰ বিধায়কসকলক নতুন দিল্লীত ৰাষ্ট্ৰপতি জাইল সিঙৰ ওচৰলৈ লৈ গৈ এক অভিলেখৰেই সৃষ্টি কৰিছিল।

➡️ ২০০১ চনৰ ১৬ ছেপ্টেম্বৰত মেচিডেনিয়াত বিৰোধী দলৰ চৰকাৰ গঠন কৰা হৈছিল ।

➡️ জম্মু আৰু কাশ্মীৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হৈছিল ২০০২ চনৰ ১৬ ছেপ্টেম্বৰত।

➡️ ১৯৯৬ চনৰ আজিৰ দিনটোতে জম্মু আৰু কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হৈছিল।

➡️ ১৬১৬ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ৰাষ্ট্ৰদূত টমাছ ৰো ভাৰতৰ চুৰাটত উপস্থিত হৈছিল । ইংলেণ্ডৰ ৰজা জেমছৰ দূতহিচাপে মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্ব কালত তেওঁ ভাৰতত কাৰ্যনিৰ্বাহ কৰিছিল ।।

You might also like
Leave A Reply

Your email address will not be published.