আধুনিক বডিগাৰ্ডেৰে পৰিবেষ্টিত কোন এই গৰ্গ মুনি?

কৈ থাকিলেও ওৰকে নপৰে ভিন্নৰূপী ৰূপজ্যোতিৰ কথা।কালি মৰিয়নিৰ দেবেৰাপাৰ চাৰিআলিত এই ৰূপত দেখা গ’ল ন-বিজেপি, মৰিয়নি সমষ্টিৰ সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীক। মৰিয়নিৰ মেজিক-এ’পে সন্থাৰ উদ্যোগত বিশ্বকৰ্মা পূজা উপলক্ষে আয়োজিত ‘দস্যু ৰত্নাকৰৰ মুক্তিলাভ’ শীৰ্ষক ভাওনাত এনেদৰেই গৰ্গ মুনিৰ ভাওত অভিনয় কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে।কংগ্ৰেছত থকা কালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্কত কৰা কটূ মন্তব্যৰ বাবে ঢেকিয়াখোৱা বৰনামঘৰত নিজৰ গালত নিজে চৰিয়াই পাপৰ প্ৰায়শ্চিত্ত কৰা বুলি সদৰি কৰি অহাৰ কেইঘন্টামানৰ পাছতে ‘দস্যু ৰত্নাকৰৰ মুক্তিলাভ’ শীৰ্ষক ভাওনাত ৰূপজ্যোতিৰ এই ৰূপে সম্প্ৰতি চ’ছিয়েল মিডিয়াতো চৰ্চা লাভ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.