আদানীৰ পৰিচালিত বন্দৰত ১৯ হেজাৰ কোটিৰ হেৰ’ইন জব্দ

ভাৰতৰ জাহাজ ঘাটত উদ্ধাৰ হ’ল আফগানিস্তানৰ পৰা অহা বিশাল পৰিমাণৰ ড্ৰাগছ। গুজৰাটৰ আদানী গ্ৰুপৰ দ্বাৰা পৰিচালিত মুন্দ্ৰা বন্দৰত এখন জাহাজৰ পৰা ৰাজহ চোৰাংচোৱা কৰ্তৃপক্ষই জব্দ কৰিলে ১৯ হেজাৰ ৯০০ কোটি টকাৰ হেৰ’ইন। উদ্ধাৰকাৰী DIR কতৃপক্ষই জনোৱা মতে আফগানিস্তানৰ পৰা অহা প্ৰায় ৩ হেজাৰ কিলোগ্ৰাম ওজনৰ দুটা হেৰ’ইন ভৰ্তি কন্টেনাৰ ইৰানত জাহাজত তুলি ভাৰতলৈ সমুদ্ৰ পথেৰে প্ৰেৰন কৰা হৈছিল। জব্দকৃত হেৰ’ইন সহ আটক কৰা হৈছে ২ সৰবৰাহকাৰীক। এই বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰৰ পাছতে আহমেদাবাদ, দিল্লী,চেন্নাই আদিত অধিক তথ্যৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰিছে ৰাজহ চোৰাংচোৱা সংস্থাই।

উল্লেখযোগ্য যে বিশ্বৰ ভিতৰতে সৰ্বাধিক হেৰ’ইন উৎপন্ন হোৱা আফগানিস্তানত তালিবানীৰ শাসন আৰম্ভ হোৱাৰ পাছৰে পৰাই দুগুণ বৃদ্ধি পাইছে এই উৎপাদনৰ পৰিমাণ।।

You might also like
Leave A Reply

Your email address will not be published.