আজি ৪ অক্টোবৰ

➡️ ১৯০৭ চনৰ ৪ অক্টোবৰত কলকাতাত সাম্প্ৰদায়িক সংঘৰ্ষত বহু লোক হতাহত হৈছিল।

➡️ ১৯৫৭ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ স্পুটনিক-১ক মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল।

➡️ মধ্য-দক্ষিণ আফ্ৰিকাৰ ভূমিবদ্ধ দেশ জাম্বিয়াই পূৰ্ণ স্বায়ত্তশাসন লাভ কৰিছিল ১৯৬৩ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৭২ চনৰ ৪ অক্টোবৰত ভাৰতৰ বৈদেশিকমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত হিন্দীত ভাষণ প্ৰদান কৰিছিল। ৰাষ্ট্ৰসংঘত হিন্দীত প্ৰদান কৰা এয়াই প্ৰথম ভাষণ।

➡️ ১৯৮৬ চনৰ ৪ অক্টোবৰত ‘হেলিকপ্টাৰ কৰ্পোৰেচন অব ইণ্ডিয়া’ মুকলি কৰা হৈছিল।

➡️ মহাৰাষ্ট্ৰৰ ভূমিকম্পপীড়িত লোকৰ সাহায্যাৰ্থে কেন্দ্ৰৰ ৫০ কোটি টকা মুকলি কৰি দিছিল ১৯৯৩ চনৰ ৪ অক্টোবৰত।

➡️ ২০০১ চনৰ আজিৰ দিনটোতে কৃষ্ণ সাগৰৰ ওপৰত ৰুছ বিমান ‘টি ইউ-১৫৪’ বিস্ফোৰিত হৈ ৭৭ জন যাত্ৰীৰ মৃত্যু হৈছিল।

➡️ ২০০১ চনৰ ৪ অক্টোবৰত গুজৰাটৰ মুখ্য মন্ত্ৰী কেশুভাই পেটেলে পদত্যাগ কৰিছিল।

➡️ তামিলনাডুক কাবেৰীৰ পৰ্যাপ্ত পানী যোগান ধৰিবৰ বাবে কৰ্ণাটক চৰকাৰক উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল ২০০২ চনৰ ৪ অক্টোবৰত।

➡️ ২০০৪ চনৰ আজিৰ দিনটোতে মাৰ্কিন চিকিৎসা-বিজ্ঞানী এক্সেল ফ্ৰেড হাছিনছন আৰু লিনড বি বাকলৈ চিকিৎসা-বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.