আজি ৬ অক্টোবৰ

➡️ আজি মহালয়া। কিংবদন্তি মতে আজি ধৰাৰ বুকুলৈ নামিব দেৱী দূৰ্গা।

➡️ ১৮৬০ চনৰ আজিৰ দিনটোতে ভাৰতীয় দণ্ডবিধি আইনত পৰিণত হৈছিল । ১৮৬২ চনৰ ১ জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হৈছিল।

➡️ ১৮৯২ চনৰ ৬ অক্টোবৰত খ্যাতিমান ইংৰাজ কবি লৰ্ড আলফ্ৰেড টেনিছনৰ মৃত্যু হৈছিল ।

➡️ খ্যাতনামা পদাৰ্থ-বিজ্ঞানী মেঘনাদ সাহাৰ জন্ম হৈছিল ১৮৯৩ চনৰ ৬ অক্টোবৰত।

➡️ ১৯১৪ চনৰ আজিৰ দিনটোতে নৰৱেৰ পৰিব্ৰাজক থৰ হেয়াৰডেলৰ জন্ম হৈছিল।
‘কনটিকি অভিযান’ নামেৰে বিখ্যাত এক অভিযানত তেওঁ বালছা গছৰ কাঠৰ ভূঁৰত প্ৰশান্ত মহাসাগৰ পাৰ হৈ সমগ্ৰ বিশ্বক চমক দেখুৱাইছিল ।

➡️ বিশ্বৰ প্ৰথম সবাক ছবি ‘দি জাজ ছিংগাৰ’ৰে আমেৰিকাত মুক্তি লাভ কৰিছিল ১৯২৭ চনৰ ৬ অক্টোবৰত ।

➡️ ১৯৩৯ চনৰ আজিৰ দিনটোতে অসমত পৰ্বতাৰোহণ বিদ্যাৰ বাটকটীয়া ৰোহিণী কুমাৰ ভূঞাৰ জন্ম হৈছিল ।

➡️ ১৯৯১ চনৰ ৬ অক্টোবৰত দিন-দুপৰতে দিল্লীৰ ৰাজপথৰ পৰা ৰোমানিয়াৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূত লিভিউ ৰাদুক অপহৰণ কৰা হৈছিল । ভাৰতত বিদেশী কূটনীতিবিদক অপহৰণৰ ঘটনা এয়ে প্ৰথম আছিল ।

➡️ অসমীয়া দৈনিক বাতৰিকাকত ‘দৈনিক অগ্ৰদূত’ৰ গুৱাহাটীৰ পৰা প্ৰথম প্ৰকাশ হৈছিল ১৯৯৫ চনৰ ৬ অক্টোবৰত।সম্পাদক আছিল কনকসেন ডেকা। ২০০০ চনৰ আগষ্ট মাহৰ পৰা কাকতখন একে সময়তে যোৰহাটৰ পৰাও প্ৰকাশ হৈছিল।

➡️ ১৯৯৭ চনৰ ৬ অক্টোবৰত আমেৰিকা আৰু ইংলেণ্ডৰ যুটীয়া প্ৰচেষ্টাত ‘কেছিনি’ নামৰ মহাকাশযান শনি অভিমুখে উৎক্ষেপণ কৰা হৈছিল ।

➡️ ২০০২ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন মন্ত্ৰী মুকুট শৰ্মাৰ মৃত্যু হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.