আজি ৭ অক্টোবৰ

➡️ আজিৰে পৰা নৱৰাত্ৰি ব্ৰত আৰম্ভ ।

➡️ ১৭০৮ চনৰ আজিৰ দিনটোতে শিখ গুৰু গোবিন্দ সিঙৰ মৃত্যু হৈছিল ।

➡️ ১৮৪৯ চনৰ
৭ অক্টোবৰত মাৰ্কিন গল্পকাৰ, কবি আৰু সমালোচক এডগাৰ এলেন পোৰ মৃত্যু হৈছিল ।

➡️ ১৮৫৫ চনৰ ৭ অক্টোবৰত ডেনমাৰ্কৰ পদাৰ্থ-বিজ্ঞানী নীলছ ব’ৰৰ জন্ম হৈছিল।

➡️ মহাত্মা গান্ধীৰ প্ৰসিদ্ধ ‘নৱজীৱন’ পত্ৰিকাৰ প্ৰকাশ হৈছিল ১৯১৯ চনৰ ৭ অক্টোবৰত ।

➡️ ১৯৪৯ চনৰ ৭ অক্টোবৰত জাৰ্মানীত গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা হৈছিল ।

➡️ ১৯৫০ চনৰ ৭ অক্টোবৰত কলকাতাত মাদাৰ টেৰেছাই ‘মিছনেৰিজ অব চেৰিটী’ স্থাপন কৰিছিল ।

➡️ ভাৰতত ‘ৰেপিড এক্সন ফ’ৰ্চ’ গঠন হৈছিল ১৯৯২ চনৰ ৭ অক্টোবৰত ।

➡️ ১৯৯৫ চনৰ ৭ অক্টোবৰত গুজৰাটৰ কেশুভাই পেটেল মন্ত্ৰীসভা আস্থা ভোটত জয়ী হৈছিল ।

➡️ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা শেষ পৰ্যায়ৰ ভোট গ্ৰহণ সম্পন্ন হৈছিল ১৯৯৬ চনৰ ৭ অক্টোবৰত।

➡️ ১৯৯৭ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰৰ মহিলা কৰ্মচাৰীয়ে দৰমহাসহ ১৩৫ দিনৰ মাতৃত্বৰ ছুটী আৰু পুৰুষ কৰ্মচাৰীয়ে ১৫ দিনৰ পিতৃত্বৰ ছুটী পাব বুলি চৰকাৰে ঘোষণা কৰিছিল।

➡️ ১৯৯৮ চনৰ আজিৰ দিনটোতে পাক সেনাপ্ৰধান জেনেৰেল জাহাংগীৰ কাৰামাতে পদত্যাগ কৰিছিল।

➡️ প্ৰদীপ চলিহা, পাৰবীন চুলতান, দুলাল ৰয়লৈ সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছিল ১৯৯৯ চনৰ ৭ অক্টোবৰত।

➡️ ২০০১ চনৰ ৭ অক্টোবৰত আফগানিস্তানত মাৰ্কিন আক্ৰমণ আৰম্ভ হৈছিল । কাবুল, জালালাবাদ, কান্দাহাৰত বোমাবৰ্ষণ হৈছিল ।

➡️ ২০০১ চনৰ আজিৰ দিনটোতে নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল।

➡️ ২০০৮ চনৰ ৭ অক্টোবৰত গণশিল্পী দিলীপ শৰ্মাৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.