আজি ১১ অক্টোবৰ

➡️ আজি দূৰ্গা পূজাৰ ষষ্ঠী তিথি ।

➡️ ১৭৩৭ চনৰ আজিৰ দিনটোতে কলকাতাত প্ৰবল ভূমিকম্পৰ ফলত প্ৰায় তিনি লাখ লোকৰ মৃত্যু হৈছিল।

➡️ ১৮৮৯ চনৰ ১১ অক্টোবৰত ইংৰাজ পদাৰ্থবিদ জেমছ প্ৰেছকট জুলৰ মৃত্যু হৈছিল ।

➡️ ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা জয়প্ৰকাশ নাৰায়ণৰ জন্ম হৈছিল ১৯০২ চনৰ আজিৰ দিনটোত। জনতা দল গঠনত তেওঁৰ মুখ্য ভূমিকা আছিল ।

➡️ ১৯১০ চনৰ ১১ অক্টোবৰত ভাৰতীয় বিজ্ঞানী সুব্ৰাক্ষণ্যন চন্দ্ৰশেখৰৰ জন্ম হৈছিল । ১৯৮৩ চনত তেওঁ লাভ কৰিছিল পদাৰ্থ-বিজ্ঞানৰ ন’বেল বঁটা।

➡️ ১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ ‘মেগা ষ্টাৰ’ অমিতাভ বচ্চনৰ জন্ম হৈছিল।

➡️ ১৯৮৮ চনৰ ১১ অক্টোবৰত বাংগালুৰুত আনুষ্ঠানিকভাৱে জনতা দল গঠন হৈছিল। দলৰ নেতা নিৰ্বাচিত হৈছিল বিশ্বনাথ প্ৰতাপ সিং।

➡️ ডেনমাৰ্কৰ কবি তথা ঔপন্যাসিক কাৰ্ল এডলফ গিয়েলেৰাপৰ মৃত্যু হৈছিল ১৯১৯ চনৰ আজিৰ দিনটোতে। ১৯১৭ চনত তেওঁ সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৯১৯ চনৰ ১১ অক্টোবৰত নেদাৰলেণ্ডছৰ গাৰদাচ্ছ হুফাট আৰু মাৰ্টিনাছ ভেল্টমানলৈ পদাৰ্থ-বিজ্ঞানৰ ন’বেল বঁটা আৰু আমেৰিকাৰ আহমেদ জিৱেইললৈ ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল।

➡️ ২০০০ চনৰ আজিৰ দিনটোতে চানা সাহিত্যিক গাও ঝিং জিয়ানলৈ সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল।

➡️ ২০০১ চনৰ ১১ অক্টোবৰত ভাৰতীয় মূলৰ সাহিত্যিক বিদিয়াধৰ সূৰুযপ্ৰসাদ নাইপললৈ সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল।

➡️ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰলৈ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল ২০০২ চনৰ ১১ অক্টোবৰত।

➡️ ২০০৪ চনৰ ১১ অক্টোবৰত ‘ছুপাৰমেন’ ৰূপে খ্যাত ক্ৰিষ্ট্ৰোফাৰ ৰীডৰ মৃত্যু হৈছিল ।

➡️ ২০০৬ চনৰ আজিৰ দিনটোতে কিৰণ দেশাইলৈ তেওঁৰ ‘দি ইনহেৰিটেন্স অব লছ’ উপন্যাসৰ বাবে বুকাৰ বঁটা আগবঢ়োৱা হৈছিল।

➡️ ব্ৰিটিছ লেখিকা ডৰিছ লেছিঙলৈ (৮৮) সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল ২০০৭ চনৰ ১১ অক্টোবৰত । এই বঁটা লাভ কৰা লেছিঙেই আটাইতকৈ বয়সীয়া ব্যক্তি।।

You might also like
Leave A Reply

Your email address will not be published.