আজি ২৭ অক্টোবৰ

➡️ ১৭২৮ চনৰ আজিৰ দিনটোতে ইংৰাজ অভিযাত্ৰী জেমছ কুকৰ জন্ম হৈছিল ।

➡️ ১৮১১ চনৰ ২৭ অক্টোবৰত ঘৰুৱা ব্যৱহাৰোপযোগী চিলাই কলৰ নিৰ্মাতা আইজাক মেৰিট ছিংগাৰৰ জন্ম হৈছিল ।

➡️ আমেৰিকাৰ ২৬তম ৰাষ্ট্ৰপতি থিঅ’ডৰ ৰুজভেল্টৰ জন্ম হৈছিল ১৮৫৮ চনৰ আজিৰ দিনটোতে ।

➡️ ১৯০১ চনৰ ২৭ অক্টোবৰত লোকগীতৰ যশস্বী শিল্পী আব্বাছউদ্দিন আহমেদৰ কোচবিহাৰৰ বলৰামপুৰ গাঁৱত জন্ম হৈছিল ।

➡️১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণৰ জন্ম হৈছিল ।

➡️ ভাৰতীয় সেনাৰ সাহায্যাৰ্থে ‘ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুজি’ প্ৰতিষ্ঠা কৰা হৈছিল ১৯৬২ চনৰ আজিৰ দিনটোতে ।

➡️ ১৯৯০ চনৰ ২৭ অক্টোবৰত ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি পৰিচালক ভি শান্তাৰামৰ মৃত্যু হৈছিল ।

➡️ ১৯৯১ চনৰ আজিৰ দিনটোতে ছোভিয়েট ৰাছিয়াৰ অংগ গণৰাজ্য তুৰ্কমেনিস্তানৰ স্বাধীনতা ঘোষণা কৰা হৈছিল ।

➡️ আততায়ীৰ গুলীত কবি নিত্যা দত্তৰ মৃত্যু হৈছিল ১৯৯১ চনৰ আজিৰ দিনটোতে ।

➡️ ১৯৯৮ চনৰ ২৭ অক্টোবৰত অসমৰ প্ৰাক্তন ৰাজ্যপাল লালন প্ৰসাদ সিঙৰ মৃত্যু হৈছিল ।

➡️১৯৯৯ চনৰ আজিৰ দিনটোতে দক্ষিণ-পশ্চিম এচিয়াৰ দেশ আৰ্মেনিয়াৰ সংসদত হোৱা গুলীচালনাত দেশখনৰ প্ৰধানমন্ত্ৰী, সংসদৰ অধ্যক্ষসহ আঠজন নিহত হৈছিল ।

➡️ পি এম ছদীয় লোকসভাৰ উপাধ্যক্ষ ৰূপে নিৰ্বাচিত হৈছিল ১৯৯৯ চনৰ আজিৰ দিনটোতে ।

➡️ ২০০১ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰৰ খ্যাতিমান অভিনেতা প্ৰদীপ কুমাৰৰ ৭৬ বছৰ বয়সত মৃত্যু হৈছিল ।

➡️ ২০০৩ চনৰ ২৭ অক্টোবৰত বাগদাদত হোৱা বোমা বিস্ফোৰণত ৪০ গৰাকী নিহত হৈছিল ।।

You might also like
Leave A Reply

Your email address will not be published.