১০১৭ চনৰ আজিৰ দিনটোতে জাৰ্মান সম্ৰাট তৃতীয় হেনৰীৰ জন্ম হৈছিল ।
১৬২৭ চনৰ ২৮ অক্টোবৰত চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ মৃত্যু হৈছিল ।
ভগ্নী নিবেদিতাৰ (প্ৰকৃত নাম মাৰ্গাৰেট এলিজাবেথ নোবেল) আয়াৰলেণ্ডত জন্ম হৈছিল ১৮৬৭ চনৰ আজিৰ দিনটোতে । স্বামী বিবেকানন্দৰ শিষ্যত্ব গ্ৰহণ কৰা এইগৰাকী নাৰীয়ে ভাৰতকে আপোন ঘৰ বুলি লৈ ভাৰতৰ সেৱাত আত্মনিয়োগ কৰিছিল ।
১৮৬৭ চনৰ ২৮ অক্টোবৰত ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল ।
১৯২২ চনৰ আজিৰ দিনটোতে আলবেনিয়াৰ স্বাধীনতা ঘোষণা কৰা হৈছিল ।
কম্পিউটাৰ-ছফটৱেৰ ইঞ্জিনিয়াৰ বিল গেটছৰ জন্ম হৈছিল ১৯৫৫ চনৰ আজিৰ দিনটোতে ।
১৯৬০ চনৰ ২৮ অক্টোবৰত শিল্পী যুগল দাসে অংকন কৰা অসম সাহিত্য সভাৰ প্ৰতীকচিহ্ন গ্ৰহণ কৰা হৈছিল ।
১৯৯৭ চনৰ আজিৰ দিনটোতে দিলীপ পাৰিখৰ নেতৃত্বত গুজৰাটত ১৬ জনীয়া সদস্যৰে ৰাষ্ট্ৰীয় জনতা পাৰ্টীৰ মন্ত্ৰীসভা গঠন কৰা হৈছিল ।
প্ৰাক্তন ভাৰতীয় টেষ্ট অধিনায়ক গুলাম আহমেদৰ ৭৬ বছৰ বয়সত মৃত্যু হৈছিল ১৯৯৮ চনৰ ২৮ অক্টোবৰত ।
১৯৯৮ চনৰ আজিৰ দিনটোতে ঢাকাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জীৱনৰ তিনিশতম এদিনীয়া মেচত অংশ লৈ মহম্মদ আজহাৰউদ্দিন এদিনীয়া ক্ৰিকেটত আটাইতকৈ বেছি সংখ্যক মেচ খেলা প্ৰথমগৰাকী খেলুৱৈ ৰূপে পৰিগণিত হৈছিল ।
১৯৯৯ চনৰ ২৮ অক্টোবৰত ভাৰতৰ বিৰুদ্ধে থকা আমেৰিকাই অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল ।
অনুসূচিত জাতি-জনজাতিৰ ক্ষেত্ৰত থকা সংৰক্ষণ আৰু দহ বছৰলৈ বৃদ্ধি কৰা হৈছিল ১৯৯৯ চনৰ আজিৰ দিনটোতে ।
২০০০ চনৰ ২৮ অক্টোবৰত ২২ বছৰ কাৰ্যনিৰ্বাহৰ অন্তত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী জ্যোতি বসুই মুখ্য মন্ত্ৰীত্বৰ পৰা অৱসৰ লৈছিল ।।