আজি ৩১ অক্টোবৰ

➡ আজি ৰাষ্ট্ৰীয় সংহতি দিৱস ।

➡ ১৮৩৫ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত জাৰ্মান বিজ্ঞানী যোহান ফ্ৰেডেৰিক উইলহেম আডলফৰ জন্ম হৈছিল । ১৯০৫ চনত তেওঁ ৰসায়ন-বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল ।

➡ ১৮৭৫ চনৰ ৩১ অক্টোবৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, লৌহ মানৱ, স্বাধীন ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম হৈছিল ।

➡ ১৮৯১ চনৰ আজিৰ দিনটোতে জাপানত প্ৰবল ভূমিকম্পৰ ফলত তিনি সহস্ৰাধিক লোকৰ মৃত্যু হৈছিল ।

➡ ১৯২০ চনৰ ৩১ অক্টোবৰত ভাৰতৰ প্ৰথম শ্ৰমিক সংগঠন নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল ।

➡ হাংগেৰীৰ বিশ্বখ্যাত যাদুকৰ হেৰী হুডিনিৰ মৃত্যু হৈছিল ১৯২৬ চনৰ আজিৰ দিনটোতে ।

➡ ১৯৩০ চনৰ ৩১ অক্টোবৰত কলকাতাত বেজবৰুৱা সমিতিৰ প্ৰথম অধিৱেশন আৰম্ভ হৈছিল । ১৯৩০ চনত স্থাপিত এই অনুষ্ঠানটো ১৯৩৩ চনমানলৈকে এৰা-ধৰাকৈ সক্ৰিয় হৈ আছিল।

➡ ১৯৬৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় সাঁতোৰবিদ মিহিৰ সেনৰ পানামা খাল সাঁতুৰি অতিক্ৰম কৰিছিল । সাতুৰি পানামা খাল পাৰ হোৱা তেৱেঁই প্ৰথম ভাৰতীয় ।

➡ ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী নতুন দিল্লীৰ নিজ বাসভৱনত দুজন শিখ নিৰাপত্তাৰক্ষী সতৱন্ত সিং আৰু বিয়ন্ত সিঙৰ গুলীত নিহত হৈছিল ১৯৮৪ চনৰ ৩১ অক্টোবৰত । দেশজুৰি উদ্ভৱ হৈছিল হিংসাৰ তাণ্ডৱ । এই দিনটোতেই প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল ইন্দিৰা গান্ধীৰ পুত্ৰ ৰাজীৱ গান্ধীয়ে ।

➡ ১৯৯১ চনৰ আজিৰ দিনটোতে ৰাম জনমভূমি-বাবৰি মছজিদৰ স্থাপত্যৰ ওপৰত কৰসেৱকৰ পতাকা উত্তোলন কৰা হৈছিল ।

➡ আটলাণ্টিক মহাসাগৰৰ ওপৰত ইজিপ্টৰ বিমান ব’য়িং ৭৬৭ ধ্বংস হৈ ২১৪ জন যাত্ৰী নিহত হৈছিল ১৯৯৯ চনৰ ৩১ অক্টোবৰত ।

➡ ২০০১ চনৰ ৩১ অক্টোবৰত কূটনীতিজ্ঞ, গুজৰাট-অসমৰ প্ৰাক্তন ৰাজ্যপাল ব্ৰজকুমাৰ নেহৰুৰ ৯২ বছৰ বয়সত মৃত্যু হৈছিল ।

➡ পদ্মশ্ৰী সন্মান লাভ কৰা দেশৰ প্ৰথমগৰাকী মহিলা প্ৰসিদ্ধ সাহিত্যিক অমৃতা প্ৰীতমৰ মৃত্যু হৈছিল ২০০৫ চনৰ আজিৰ দিনটোতে।।

You might also like
Leave A Reply

Your email address will not be published.