আজি ৩ নৱেম্বৰ

➡ ১৬১৮ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট ঔৰংগজেৱৰ জন্ম হৈছিল ।

➡ ১৮৮৫ চনৰ ৩ নৱেম্বৰত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জন্ম হৈছিল ।

➡ পানামা স্বতন্ত্ৰ স্বাধীন ৰাষ্ট্ৰত পৰিণত হৈছিল ১৯০৩ চনৰ আজিৰ দিনটোতে ।

➡ ১৯৩১ চনৰ ৩ নৱেম্বৰত নাট্যকাৰ, ঔপন্যাসিক অৰুণ শৰ্মাৰ জন্ম হৈছিল ।

➡ নোবেল জয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ জন্ম হৈছিল ১৯৩৩ চনৰ ৩ নৱেম্বৰত ।

➡ ১৯৪৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰথম ভাষণ প্ৰদান কৰিছিল ।

➡ ১৯৫৭ চনৰ ৩ নৱেম্বৰত স্পুটনিক-২ উৎক্ষেপণ কৰা হৈছিল । এই যানতে পৃথিৱীৰ প্ৰথম জীৱ (লাইকা নামৰ এজনী কুকুৰ) মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল । এসপ্তাহ ধৰি লাইকা মহাকাশত জীয়াই আছিল আৰু লাইকাৰ স্বাস্থ্যৰ খবৰ অনাতাঁৰযোগে পৃথিৱীৰ ভূকেন্দ্ৰই সংগ্ৰহ কৰি আছিল। লাইকাক পৃথিৱীলৈ ওভতাই অনাৰ কোনো উপায় সেই সময়ত নাছিল । সেইবাবে মহাকাশতে লাইকাই নিজৰ জীৱন বিজ্ঞানৰ প্ৰগতিৰ বাবে উছৰ্গা কৰে । ১৯৫৮ চনৰ ১৪ এপ্ৰিলৰ দিনা লাইকাৰ মৃতদেহসহ স্পুটনিক-২ৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ ঘটে আৰু বায়ুমণ্ডলৰ ঘঁহনিত জ্বলি বিলীন হয় ।

➡ ১৯৬১ চনৰ আজিৰ দিনটোতে ম্যানমাৰৰ ইউ থাণ্ট ৰাষ্ট্ৰসংঘৰ নতুন সচিবপ্ৰধান হৈছিল ।

➡ জিমি কাৰ্টাৰ আমেৰিকা যুক্তৰাজ্যৰ ৩৯ তম ৰাষ্ট্ৰপতি হৈছিল ১৯৭৬ চনৰ ৩ নৱেম্বৰত ।

➡ ১৯৭৮ চনৰ আজিৰ দিনটোতে ডোমানিকাই স্বাধীনতা লাভ কৰিছিল ।

➡ ষষ্ঠ জি-১৫ সন্মিলন আৰম্ভ হৈছিল ১৯৯৬ চনৰ ৩ নৱেম্বৰত ।

➡ ২০০০ চনৰ আজিৰ দিনটোতে মেচ ফিক্সিং অপৰাধত আজহাৰসহ পাঁচজন ভাৰতীয় ক্ৰিকেটাৰ নিলম্বিত হৈছিল ।

➡ ২০০১ চনৰ ৩ নৱেম্বৰত উগ্ৰপন্থী সংগঠন লক্সৰ-ই-তৈবা আৰু জইছ ই- মহম্মদক নিষিদ্ধ ঘোষণা কৰি আফগানিস্তানৰ অপসাৰিত ৰজা জাহিৰ শ্বাহৰ তিনিজন কটকীক তালিবানে ফাঁচি দিছিল ।

➡ ২০০৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় বংশোদ্ভৱ ববি জিন্দাল মাৰ্কিন সংসদৰ নিম্ন সদনলৈ নিৰ্বাচিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.