সাম্প্ৰতিক সময়ত কাৰাগাৰ সমূহত বিভিন্ন সংস্কাৰমুখী পদক্ষেপ হাতত লোৱা হৈছে । কাৰাগাৰ মুখ্যালয়ৰ উদ্যোগত ২০ খন কাৰাগাৰত ৭৪ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষা , হাই মাদ্ৰাছা, চি বি এছ চিৰ শেষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া কাৰাবাসী সকলৰ সন্তান সকলৰ মাজত আজি অনুষ্ঠিত কৰা হয় আশীৰ্বাদ অনুষ্ঠানৰ । তাৰেই অংশ হিচাপে আজি কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীত এক আশীৰ্বাদ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । এই আশীৰ্বাদ অনুষ্ঠান অসম কাৰাগৰ বিভাগৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে । যি সকল কাৰাবাসীৰ সন্তানে এই বেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা, চি বি এছ চিৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হব সেইসকল শিক্ষাৰ্থীক উৎসাহিত আৰু প্ৰেৰণা দিয়াৰ অৰ্থে এই আশীৰ্বাদ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰম্ভণিতে কাৰাগাৰ মহাপৰিদর্শক বৰ্ণালী শৰ্মাই এই আশীৰ্বাদ অনুষ্ঠানৰ উদ্দেশ্য, লক্ষ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰি সকলোকে আদৰণি জনোৱাৰ লগতে কাৰাবাসীৰ অধ্যয়নৰত সন্তান সকলক শুভেচ্ছা জ্ঞাপন কৰে । তাৰ পিছত কাৰাবাসী ৰাজু ছন্দই পৰিবেশন কৰা এটা সুন্দৰ গীতৰ পিছতেই আজিৰ এই আশীৰ্বাদ অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাই । অনুষ্ঠান ৰ শুভাৰম্ভ কৰি তেওঁ কয় যে এই অনুষ্ঠানৰ আয়োজন সমাজৰ বাবে এক উল্লেখযোগ্য অৱদান হব । কাৰাবাসীৰ সন্তান সকলে শিক্ষা লাভ কৰা আৰু নিজক ভাল মানুহ হিচাপে পৰিগণিত কৰাত এক সুন্দৰ নিদৰ্শন দাঙি ধৰিব বুলি তেওঁ আশা প্ৰকাশ কৰাৰ লগতে শিক্ষাৰ্থী সকলে পৰীক্ষাৰ সময়ত কেনেদৰে অধ্যয়ন কৰিলে ভাল ফলাফল পোৱা যাব সেই বিষয়ে বক্তব্য আগবঢ়ায় ।
ইয়াৰ পিছত কাৰাবাসীৰ শিক্ষাৰ্থী সন্তান সকলক কিতাপ, কাগজ, কলম ,বেগৰ লগতে আৰু কিছু প্ৰয়োজনীয় সামগ্ৰীৰ টোপোলাৰে আদৰণি জনোৱা হয় ।
ইয়াৰ পিছত কাৰাগাৰ উপ- মহাপৰিদৰক দিলীপ শইকীয়া, প্ৰদীপ কুমাৰ ব্ৰহ্ম , এ আই জি নবজ্যোতি শৰ্মাই শিক্ষাৰ্থী সকলক বহুতো মূল্যবান পৰামৰ্শ দিয়াৰ লগতে ছাত্ৰ ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে । তাৰ পিছত আবাসী মোহিত হোজাই আৰু যুৱৰাজ কলিতাই কাৰাগৰ কৰ্তৃপক্ষৰ এই পদক্ষেপক প্ৰশংসা কৰে আৰু নিজৰ সন্তানক আজি ওচৰতে পাই আবেগিক হোৱা বুলি ব্যক্ত কৰে । আশীৰ্বাদ অনুষ্ঠানত উপস্থিত থকা সন্তান সকলেও আবেগিক হৈ মনৰ ভাৱ প্ৰকাশ কৰে আৰু কাৰাগৰ বিভাগৰ এই ব্যতিক্ৰমী পদক্ষেপক প্ৰশংসা কৰে। তাৰ পিছত যোগবিদ হৰি প্ৰসাদ তালুকদাৰে বক্তব্য আগবঢ়ায় । কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰে সভাখন আঁতধৰাৰ উপৰিও সংস্কাৰ মুখী সকলো কামতে সকলোৰে সহায় সহযোগিতা কামনা কৰে । তাৰ পিছত কাৰাধ্যক্ষ কল্যাণ চৌধুৰীয়ে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰবীন্দ্ৰনাথৰ জীৱনৰ উপমাৰে সকলোকে শলাগৰ শৰাই আগবঢ়ায় । আজিৰ অনুষ্ঠানত জেইলৰ পৰিনীতা বৰা,সহকাৰী জেইলৰ নিলোৎপল কাকতি আৰু সঞ্জয় ডেকাও উপস্থিত থাকে।
অনুষ্ঠানৰ শেষত সকলোৱে এক প্ৰীতিভোজতো অংশগ্ৰহণ কৰে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Prev Post
Next Post
You might also like