উদালি কাণ্ডৰ আহত চিকিৎসকৰ কাষত মুখ্যমন্ত্ৰী

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

লংকাৰ উদালিস্থিত ক’ভিড হস্পাটালত একাংশ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাটালত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে আহত চিকিৎসক জনৰ লগতে তেওঁৰ পৰিয়ালৰ লোককো সাক্ষাৎ কৰে। ডাঃ সেউজ কুমাৰ সেনাপতিয়ে সুস্থ হৈ কৰ্তব্যত যোগদান কৰাৰ পিছত নিজ পছন্দ অনুসৰি ৰাজ্যৰ যিকোনো স্থানতে চিকিৎসা সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশ্বাস দিয়ে।

ক’ভিডৰ সংকট কালত কৰ্তব্যনিষ্ঠাৰে দায়িত্ব পালন কৰা চিকিৎসাকৰ্মীক দুৰ্ব্যৱহাৰ কৰা কোনো লোককে সাৰি যাবলৈ দিয়া ন’হব বুলিও মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.