ক’ভিডত আক্ৰান্ত চিত্ৰশিল্পী নীলপৱন বৰুৱা

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

ক’ভিডত আক্ৰান্ত হৈছে স্বনামধন্য চিত্ৰশিল্পী নীলপৱন বৰুৱা।আজি শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাটালত ভৰ্তি কৰোৱা হয় বৰ্ষীয়ান শিল্পীগৰাকীক। সম্প্ৰতি শিল্পীগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে GMCH কৰ্তৃপক্ষই। উল্লেখযোগ্য যে পত্নী কুকিলকণ্ঠী গায়িকা প্ৰয়াত দীপালী বৰঠাকুৰৰ বিয়োগৰ পাছত বেলতলাৰ সৌৰভ নগৰৰ বাসগৃহ বসুন্ধৰাত নিঃসংগ হৈ পৰা যশস্বী শিল্পীগৰাকীয়ে যোৱা ২ জুনত জীৱনৰ ৮৬ টা বসন্ত সম্পূৰ্ণ কৰিছিল। ।

You might also like
Leave A Reply

Your email address will not be published.