নিউজ ডেস্ক— ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ১৯৮ গৰাকী লোক। ইয়াৰে ৪৬ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰিছে ৫ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ০.৬১শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৮ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ২৭,৪০৯ গৰাকী ।মৃত্যুমুখত পৰিছে ৩৪৭ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ২.২৩ শতাংশ।