চেনীটাইজাৰ গছ!

নেচনেল ডেস্ক, এন ই ভাৰত

পৃথিৱীত যেতিয়া কৰ’নাৰ আবিৰ্ভাব হোৱা নাছিল তেতেয়াও উত্তৰবংগৰ বহু গাঁৱৰ এক শ্ৰণীৰ লোকে বিশেষ এবিধ চেনীটাইজাৰ ব্যৱহাৰ কৰিছিল। আচলতে এইবিধ এবিধ প্ৰাকৃতিক চেনীটাইজাৰ গছ।এই গছৰ পাত ব্যৱহাৰ কৰিয়ে সেই অঞ্চলৰ লোক সকলে বিভিন্ন ধৰনৰ বিষাক্ত কীট-পতংগৰ পৰা নিজকে ৰক্ষা কৰি আহিছে। বিষাক্ত কীট-পতংগ মাৰিবলৈ উত্তৰ বংগৰ বিভিন্ন গ্ৰামাঞ্চলত ব্যৱহাৰ কৰা এই গছবিধ হৈছে Artemisia(স্থানীয় নাম ‘টিতেপাতি’)। ক’ৰনাৰ এই ভয়াবহ সময়ছোৱাতো এই অঞ্চলৰ লোকসকলে এই গছৰ পাত পানীত তিয়াই ঘৰৰ চৌপাশে ছটিওৱাৰ লগতে সেই পানী মানুহৰ গাটো ছটিয়াই।এই গছৰ পাত ব্যৱহাৰ কৰি সেই অঞ্চলৰ লোকে কয় যে তেওঁলোকক কোনো ধৰণৰ কেমিকেলযুক্ত চেনীটাইজাৰৰ প্ৰয়োজন নাই।এই গছৰ পাতৰ জৰিয়তে তেওঁলোকৰ ঘৰ অথবা হাত চেনীটাইজ হৈ যায়। উত্তৰবংগত মৃতদেহ সৎকাৰ কৰি অহাৰ পিছত ঘৰত প্ৰৱেশ কৰাৰ পূৰ্বেও এই পাতৰ পানী গাঁত ছতিওৱা হয়, যাতে কোনোধৰণৰ বিষাক্ত জীৱই সংক্ৰমণ কৰিব নোৱাৰে। উদ্ভিদ বিজ্ঞানীৰ মতে এই গছত বিভিন্ন ধৰণৰ ৰাসায়নীক দ্ৰৱ্যৰ লগতে বিশেষ ধৰনৰ এবিধ উগ্ৰ গোন্ধযুক্ত তেল থাকে, যিয়ে পোক-পতংগক আতৰাই ৰখাত সহায় কৰে। অবশ্যে Artemisia নামৰ এই গছজোপা চেনীটাইজাৰৰ বিকল্প হয় নে নহয় সেয়া এতিয়াও সঠিক কৈ কব পৰা হো’ৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.