২২ জন যাত্ৰী কঢ়িয়াই অনা নেপালৰ এখন বিমানে হেৰুৱাইছে যোগাযোগ। খৱৰটো সদৰি কৰে নেপাল বিমান কৰ্তৃপক্ষই । পুৱা ৯:৫৫ বজাত পোখৰাৰ পৰা জোমচোমলৈ উৰা মাৰি ২২ জন যাত্ৰী কঢ়িয়াই অনা তাৰা এয়াৰ ৯ এনএইটি টুইন ইঞ্জিন বিমানে কৰ্তৃপক্ষৰ সৈতে হেৰুৱাইছে সম্পৰ্ক ।যাত্ৰীসকলৰ ভিতৰত আছে ৪ জন ভাৰতীয় আৰু ৩ জন জাপানী নাগৰিক। বিমানখনত কৰ্মচাৰীসহ ২২ জন যাত্ৰী আছিল। ইফালে যোগাযোগ বিহীন বিমানৰ সন্ধানত দুখন ব্যক্তিগত হেলিকপ্টাৰৰ লগতে সামৰিক বাহিনীৰ হেলিকপ্টাৰ মোতায়েন কৰা হৈছে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.