মস্কোত বিধ্বংসী অগ্নিকাণ্ড!

ৰাছিয়াৰ ৰাজধানী মস্কোত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ড সংঘটিত হৈছে মস্কোৰ এটা ব্যৱসায়িক কেন্দ্ৰত। জুই নিৰ্বাপনৰ বাবে নিয়োগ কৰা হৈছে ১৮০ গৰাকীকৈ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী, বহুসংখ্যক বাহনৰ লগতে তিনিখন হেলিকপ্টাৰ। জুইৰ ফলত আঘাটপ্ৰাপ্ত এজন শীৰ্ষ জৰুৰীকালীন বিষয়াকে ধৰি চাৰিজন লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । আনহাতে এক হাজাৰ লোকক ব্যৱসায়িক কেন্দ্ৰটোৰ পৰা স্থানান্তৰ কৰা হৈছে। জুইৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি সদৰি কৰে ৰাছিয়াৰ জৰুৰীকালীন বিভাগে।।

You might also like
Leave A Reply

Your email address will not be published.