নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৩৬ গৰাকী লোক। আক্ৰান্তসকলৰ ৩৬ গৰাকীয়ে কামৰূপ (মেট্ৰ’)ৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৬.৫৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৮৬ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১৭,০৭৩ গৰাকী। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ২১ গৰাকী আক্ৰান্তৰ। আৰোগ্যৰ হাৰ ৯৮.৫৭ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৯৪,৪২০ গৰাকী লোক।