ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৭৪ গৰাকী লোক। আক্ৰান্তসকলৰ ৫৬ গৰাকী কামৰূপ (মেট্ৰ’)ৰ, ৬ গৰাকী দৰং জিলাৰ, ৫ গৰাকী গোৱালপাৰা জিলাৰ, ২ গৰাকী ডিব্ৰুগড় জিলাৰ, ২ নগাওঁ জিলাৰ, ১ গৰাকী যোৰহাট জিলাৰ, ১ গৰাকী শোণিতপুৰ জিলাৰ আৰু ১ গৰাকী বাক্সা জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৮.৮৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৮২ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১৬,১৩৫ গৰাকী। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ২৪ গৰাকী আক্ৰান্তৰ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,১৩,৮৬৪ গৰাকী লোক।

You might also like
Leave A Reply

Your email address will not be published.