ISISগোটৰ শীৰ্ষ নেতা মাহৰ আল-আগল নিহত!

ইছলামিক ষ্টেট সন্ত্ৰাসবাদী গোটৰ শীৰ্ষ নেতা মাহৰ আল-আগল নিহত। মঙলবাৰে চিৰিয়াত ইছলামিক ষ্টেট সন্ত্ৰাসবাদী গোটৰ নেতা মাহৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্ৰোণ আক্ৰমণত নিহত হয় । এই খৱৰ সদৰি কৰিছে পেন্টাগনৰ চেণ্ট্ৰেল কমাণ্ডৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল ডেভ ইষ্টবাৰ্ণে। চিৰিয়াৰ জিন্দায়েৰিছৰ ওচৰত মটৰচাইকেল চলাই থকা অৱস্থাতে দ্ৰোণ আক্ৰমণত মাহৰ আল-আগল নিহত হয় ।আনহাতে মাহৰ আল-আগলৰ আন এক শীৰ্ষ সহায়ক গুৰুতৰভাৱে আহত হয়। উল্লেখ্য যে মাহৰ আল-আগল ISISৰ শীৰ্ষ চাৰি নেতাৰ ভিতৰত অন্যতম আছিল ।।

You might also like
Leave A Reply

Your email address will not be published.