আজি ১৪ জুলাই

➡️আজিৰ দিনটো ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️১৯১৮ চনৰ এই দিনটোতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক ইংগাৰ বাৰ্গমেনৰ ছুইডেনত জন্ম হৈছিল।
➡️১৯২১ চনৰ ১৪ জুলাই তাৰিখে ব্ৰিটিছ ৰসায়নবিদ ছাৰ জিঅ’ফ্ৰে উইলকিনছনৰ জন্ম হৈছিল। ১৯৭৩ চনত তেওঁ ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
➡️১৯৫৪ চনৰ আজিৰ দিনটোতে নোবেল জয়ী স্পেনিছ নাট্যকাৰ জে বেনাভেণ্টৰ মৃত্যু হৈছিল। ১৯২২ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৮৩ চনৰ এই দিনটোতে তেলুগু কবি শ্ৰীৰংগম শ্ৰীনিৱাস ৰাওৰ ৭৩ বছৰ বয়সত মৃত্যু হৈছিল।
➡️২০০১ চনৰ ১৪ জুলাই তাৰিখে নেপালৰ সেনাৰ সৈতে হোৱা সংঘৰ্ষত ১৬০জন মাওবাদী নিহত হৈছিল।
➡️২০০২ চনৰ আজিৰ দিনটোতে কবি-সাহিত্যিক নৱকান্ত বৰুৱাৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.