ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৫৯০ গৰাকী লোক। আক্ৰান্তসকলৰ ৬০ গৰাকী কামৰূপ (মেট্ৰ’)ৰ, ৫৯ গৰাকী কামৰূপ (গ্ৰাম্য)ৰ, ৫৫ গৰাকী ধুবুৰী জিলাৰ আৰু ৫০ গৰাকী গোৱালপাৰা জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে এগৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১০.৭৫ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২০,১৩৯ গৰাকী। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৩৮ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৫.১০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৪৯ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,৩৬,০৭৬ গৰাকী লোক।

You might also like
Leave A Reply

Your email address will not be published.