গয়াত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ!

মাওবাদীৰ ভয়ংকৰ আক্ৰমণ বিফল কৰিলে নিৰাপত্তা বাহিনীয়ে। বিহাৰৰ গয়াত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ। বুধবাৰে বিহাৰৰ গয়াৰ জংঘলত ২০৫ কোব্ৰা বেটেলিয়নে চলোৱা এক অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ। অভিযানত এটা একে ৰাইফল, ২৫০ ৰাউণ্ড গোলাবাৰুদ, ৬৫ টা প্ৰেচাৰ আইইডি, ৪৪৬ চিৰিজ আইইডি, ১০১ কেন আইইডি, আৰু ৪৯৫ টা ডিটোনেটৰসহ বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ। উল্লেখ্য যে, সমগ্ৰ ভাৰতত মাওবাদী বিৰোধী অভিযানৰ বেছিভাগ চিআৰপিএফৰ বিশেষ জংঘল যুদ্ধ কমাণ্ডো গোট কোব্ৰাৰ দ্বাৰা সম্পন্ন কৰা হয়।

You might also like
Leave A Reply

Your email address will not be published.