মণিপুৰত দুটা পৃথক অভিযানত বিদ্ৰোহী আৰু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ!

মণিপুৰত দুটা পৃথক অভিযানত বিদ্ৰোহী আৰু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। মণিপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে ইম্ফল পূব জিলাত কে ৱাই কে এল বিদ্ৰোহী গোটৰ এজন কেডাৰক গ্ৰেপ্তাৰ কৰে। অসম ৰাইফলছৰ কিথেলমানবি বেটেলিয়নৰ চোৰাংচোৱা ইনপুটৰ ওপৰত ভিত্তি কৰি মণিপুৰ আৰক্ষীয়ে কে ৱাই কে এলৰ বিদ্ৰোহীজনক গ্ৰেপ্তাৰ কৰে । ধৃত বিদ্ৰোহী সদস্যজন নিষিদ্ধ গোটটোৰ হৈ সক্ৰিয়ভাৱে বেআইনী কাৰ্যকলাপত জড়িত আছিল বুলি জানিব পৰা গৈছে।গ্ৰেপ্তাৰ কৰা বিদ্ৰোহীজনক অধিক তদন্তৰ বাবে পোৰোম্পাট আৰক্ষী থানাক গতাই দিয়া হৈছে।

আনহাতে, আন এক পৃথক অভিযানত, অসম ৰাইফলছৰ মৰেহ বেটেলিয়নে টেংনুপাল জিলাৰ ইণ্ডো-ম্যানমাৰ সীমান্তৰ গোভাজাঙত নিচাজাতীয় সামগ্ৰীৰ চোৰাং সৰবৰাহৰ পৰিকল্পনা বিফল কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, অসম ৰাইফলছে গোভাজাঙৰ ম’বাইল ভেহিকেল চেক পোষ্টত কেনবো বাইক চলাই থকা এজন লোকক তালাচি চলাওতে বাঁহৰ বাস্কেট এটাৰ ভিতৰত লুকুৱাই ৰখা ৩০ টা চাবোন কেছত কমেও ১.২৬ কিলোগ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে । জব্দকৃত ব্ৰাউন চুগাৰ খিনিৰ মূল্য ২.৫২ কোটি টকা বুলি সেনা সুত্ৰই জনাইছে। ধৃত সৰবৰাহকাৰীটোক ড্ৰাগছসহ অধিক অনুসন্ধানৰ বাবে মোৰেহ আৰক্ষীক হস্তান্তৰ কৰা হৈছে ।।

You might also like
Leave A Reply

Your email address will not be published.