➡️১৯১৬ চনৰ আজিৰ দিনটোতে এনী বেছাণ্টৰ হোম ৰুল লীগ আন্দোলন আৰম্ভ হৈছিল।
➡️১৯২০ চনৰ এই দিনটোতে স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ মৃত্যু হৈছিল। ‘স্বৰাজ মোৰ জন্মস্বত্ব’ শীৰ্ষক বাণীৰ স্ৰষ্টা ৰূপে তিলক বিখ্যাত।
➡️১৯২০ চনৰ ১ আগষ্ট তাৰিখে মহাত্মা গান্ধীৰ নেতৃত্বত আনুষ্ঠানিকভাৱে ভাৰতত অসহযোগ আন্দোলন আৰম্ভ হৈছিল।
➡️১৯৩৬ চনৰ আজিৰ দিনটোতে বাৰ্লিনত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। এই সমাৰোহ ১৬ আগষ্টলৈকে চলে।
➡️১৯৪৬ চনৰ এই দিনটোতে ইংৰাজ সাহিত্যিক এইচ জি ৱেলছৰ মৃত্যু হৈছিল।
➡️১৯৭৫ চনৰ ১ আগষ্ট তাৰিখে যাত্ৰীবাহী উৰাজাহাজৰ প্ৰথমগৰাকী মহিলা পাইলট ৰূপে দুৰ্বা বেনাৰ্জীৰ কাৰ্যভাৰ গ্ৰহণ।
➡️১৭৪৪ চনৰ আজিৰ দিনটোতে ফৰাচী জীৱবিজ্ঞানী লেমাৰ্কৰ জন্ম হৈছিল।
➡️১৯৮৭ চনৰ এই দিনটোতে মক্কাত ২০০ ইৰানী হজযাত্ৰীৰ মৃত্যু হৈছিল।
➡️১৯৮৬ চনৰ আজিৰ দিনটোতে ভাৰতত স্পীড পোষ্ট বা দ্ৰুত ডাকসেৱা আৰম্ভ হৈছিল।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১ আগষ্ট
Prev Post
Next Post
You might also like