ভয়ংকৰ ভূমিকম্পই জোকাৰিলে নেপাল!

আজি ৰাতিপুৱা ৭:৫৮ বজাত ভয়ংকৰ ভূমিকম্পই জোকাৰিলে নেপাল। ভূমিকম্পটো সংঘটিত হৈছিল ৫.৫ প্ৰাবল্যত। ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল কাঠমাণ্ডুৰ পৰা প্ৰায় ১৪৭ কিলোমিটাৰ দক্ষিণ-পূবত আৰু ১০ কিলোমিটাৰ গভীৰতাত। খৱৰটো সদৰি কৰে ভাৰতৰ নেচনেল চেণ্টাৰ ফৰ চিচমোলজিয়ে। আনহাতে, ভূমিকম্পৰ জোকাৰণি ভাৰততো অনুভূত হৈছিল। ভাৰতৰ পাটনা, মুজাফ্ফৰপুৰ, মুংগেৰ, ভাগলপুৰ, বেগুচৰাই আৰু কাটিহাৰকে ধৰি বিহাৰৰ কেইবাখনো চহৰত ভূমিকম্পৰ জোকাৰণি অনুভৱ হৈছিল। ছিকিম আৰু পশ্চিম বংগৰ চহৰ কালিম্পং, দাৰ্জিলিং আৰু চিলিগুৰিকে ধৰি ভাৰতৰ আন কিছু অংশতো কম্পন অনুভূত হয়।

You might also like
Leave A Reply

Your email address will not be published.