সোণৰ বিস্কুটসহ আটক এজন বাংলাদেশী নাগৰিক!

সোণৰ বিস্কুটসহ আটক এজন বাংলাদেশী নাগৰিক।সীমান্ত সুৰক্ষা বাহিনীয়ে সোনৰ চোৰাং ব্যৱসায়ৰ চেষ্টা বিফল কৰিবলৈ সক্ষম হয় ভাৰত-বাংলাদেশ সীমান্তৰ পশ্চিম জয়ন্তিয়া জিলাত । সীমান্ত সুৰক্ষা বাহিনীয়ে ৩৪৮ গ্ৰাম ওজনৰ তিনিটা সোণৰ বিস্কুটৰ সৈতে আটক কৰে মোঃ হাছন আলী নামৰ এজন বাংলাদেশী নাগৰিকক।জব্দকৃত সোনখিনিৰ আনুমানিক মূল্য ১৭,৫৭,৭৪৮ টকা। জানিব পৰা মতে অবৈধভাৱে সীমান্ত পাৰ হৈ ডাউকীৰ মূল বজাৰ অভিমুখে গৈ থকা অৱস্থাত আই চি পি, ডাউকীৰ সমীপত আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত অভিযুক্তই বাংলাদেশৰ চিলেট জিলাৰ মহাজনপট্টি অঞ্চলৰ পৰা সোণখিনি সৰবৰাহ কৰি অসমৰ গুৱাহাটীত বিক্ৰী কৰিব বিচাৰিছিল বুলি স্বীকাৰ কৰে।
জব্দকৃত সোণৰ বিস্কুট কেইটা ডাউকীৰ শুল্ক কাৰ্যালয়ত গতাই দিয়াৰ লগতে অভিযুক্তক পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে ডাউকী থানাত চমজাই দিয়া হৈছে। খৱৰটো সদৰি কৰে মেঘালয় ফ্ৰন্টিয়াৰ বি এছ এফৰ জনসংযোগ বিষয়া ৰাজ সিং কটাৰিয়াই ।।

You might also like
Leave A Reply

Your email address will not be published.