নিউজ ডেস্ক, এন ই ভাৰত
ৰাজ্যত ক্ৰমাৎ উন্নত ক’ভিড পৰিস্থিতি। দিনক দিনে হ্ৰাস পাইছে সংক্রমণ । ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৪১ জনৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৩,৪৭৭ জনকৈ লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৬৯ জন লোক। আক্ৰান্তৰ হাৰ ২.২৫ শতাংশ। আনহাতে দেশত দিনক দিনে হ্ৰাস পাইছে সংক্রমণ আৰু মৃত্যুৰ হাৰ। দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৬২,৩৭৫ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ১,৫৯০। সুস্থ হৈ ঘৰলৈ উভতা ৰোগীৰ সংখ্যা ৮৮,৪২১।